Psalms 138

দায়ুদৰ ৰচিত গীত।

1হে যিহোৱা, মোৰ সমস্ত চিত্তেৰে মই তোমাৰ ধন্যবাদ কৰিম;
দেৱতাসকলৰ আগত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
2তোমাৰ পবিত্ৰ মন্দিৰৰ ফালে প্ৰণিপাত কৰিম;
তোমাৰ চিৰস্থায়ী প্রেম আৰু বিশ্বস্ততাৰ কাৰণে তোমাৰ নামৰ ধন্যবাদ কৰিম;
কিয়নো তুমি তোমাৰ নাম আৰু প্রতিজ্ঞাক সকলোতকৈ মহান কৰিলা।

3মই প্ৰাৰ্থনা কৰা কালত তুমি মোক উত্তৰ দিলা;

তুমি মোৰ প্ৰাণক শক্তি দি মোক উৎসাহিত কৰিলা।
4হে যিহোৱা, পৃথিৱীৰ সকলো ৰজাই তোমাৰ ধন্যবাদ কৰিব;
কিয়নো তেওঁলোকে তোমাৰ মুখৰ বাক্য শুনিলে।

5তেওঁলোকে যিহোৱাৰ পথৰ বিষয়ে গান কৰিব;

কিয়নো যিহোৱাৰ গৌৰৱ মহান।
6কাৰণ যদিও যিহোৱা সকলোৰে উচ্চত, তথাপি তেওঁ হীন অৱস্থাৰ লোকলৈ দৃষ্টি ৰাখে;
কিন্তু অহঙ্কাৰী লোকক তেওঁ দূৰৈৰ পৰাই জানে।

7যেতিয়া মই মই সঙ্কটৰ মাজেদি গমন কৰোঁ,

তেতিয়া তুমি মোৰ প্রাণ ৰক্ষা কৰিবা;
তুমি মোৰ শত্ৰুবোৰৰ ক্ৰোধৰ অহিতে তোমাৰ হাত মেলিবা আৰু তোমাৰ সোঁ হাতেৰে মোক উদ্ধাৰ কৰিবা।
যিহোৱাই মোৰ পক্ষে নিজৰ উদ্দেশ্য সিদ্ধ কৰিব;
হে যিহোৱা, তোমাৰ প্রেম অনন্তকাল স্থায়ী।
তুমি তোমাৰ হাতৰ কৰ্মক ত্যাগ নকৰিবা।
8

Copyright information for AsmULB